< !DOCTYPE html> মাইগ্ৰেইন কি? ইয়াৰ লক্ষণ আৰু কাৰণসমূহ কি কি? Neurocare
Monday - Saturday, 8AM to 10PM
Call us now +91 8402068720





মাইগ্ৰেইন কি? ইয়াৰ লক্ষণ আৰু কাৰণসমূহ কি কি?

মাইগ্ৰেইন কম সময়ৰ ভিতৰতে এনে এক ৰোগ, যিটো অধিকাংশ ব্যক্তিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। ই যদি আমাক এবাৰ প্ৰভাৱিত কৰা আৰম্ভ কৰে, ই দীঘলীয়া সময়ৰ বাবে আমাক সমস্যাত পেলাব পাৰে। ইয়াৰ কাৰণ হব পাৰে মগজুৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ৷ এই ৰোগত প্ৰায়ে মূৰত সামান্য আৰু তীব্ৰ বিষ হয় ৷ কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা ই একেবাৰে পৃথক ৷মাইগ্ৰেইন হোৱাৰ ফলত বমি, মূৰ ঘূৰোৱা, মূৰৰ আধা অংশত বিষ, চকুৰ পিছফালে বিষ বা কাণৰ ওচৰৰ অংশত বিষ হোৱাৰ লক্ষণ দেখা যায়। মূৰৰ বিষতকৈ মাইগ্ৰেইনৰ বিষ যথেষ্ট অসহ্যকৰ। কেতিয়াবা উজ্জ্বল পোহৰৰ বাবেই এই বিষ হয়, কেতিয়াবা শব্দ বা কোনো বিশেষ গোন্ধৰ বাবেও হয় ।

 

 

মাইগ্ৰেইনৰ লক্ষণসমূহ:

*চকুৰ আগত ক'লা দাগ

*চকুৰ তলত ক'লা দাগ

*মূৰৰ এটা ফালে বিষ হোৱা

*অতিপাত খং উঠা

*ছালত বিন্ধাৰ দৰে অনুভূতি

*দুৰ্বল অনুভৱ কৰা

*খিংখিভীয়া হোৱা

*পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়

*সংবেদনশীলতা

*মনোযোগৰ অভাৱ

*মানসিক শক্তি প্ৰভাৱিত হয়,

*ছাল হালধীয়া হয়,আৰু

 হাত-ভৰিত জিনজিননি হয়।

 

 

মাইগ্ৰেইনৰ চাৰিটা পৰ্যায় থাকে:

 

*পূৰ্ব লক্ষণ: প্ৰথম পৰ্যায়ৰ মূৰৰ বিষ।অভিজ্ঞতা লাভ কৰাৰ ২৪ ঘণ্টা আগতে আৰম্ভ হয়।

*আগজাননীযুক্ত লক্ষণ (অৰা): যিয়ে মাইগ্ৰেইনৰ মূৰৰ বিষৰ সতৰ্কবাণী হিচাপে কাম কৰে। অৰা ফেজ ৬০ মিনিট বা পাঁচ মিনিটতকৈ কম সময়লৈকে চলিব পাৰে।

*মাইগ্ৰেইনৰ আক্রমণ:যদি চিকিৎসা লোৱা নহয় মাইগ্ৰেইনৰ মূৰৰ বিষ সাধাৰণতে ৪ৰপৰা ৭২ ঘণ্টা থাকে। ব্যক্তি অনুসৰি এই বেমাৰটো বাৰম্বাৰ হোৱাৰ প্ৰৱণতাও ভিন্ন হয়।

*মাইগ্ৰেইনৰ পশ্চাৎ লক্ষণ:মাইগ্ৰেইনৰ বিষ হৈ যোৱাৰ পিছত কিছুমান মানুহ খুব দুৰ্বল অনুভৱ কৰে আৰু কিছুমান উত্তেজিত হ'ব পাৰে।

 

মাইগ্ৰেইন বেমাৰক উদ্গনি যোগোৱা কাৰণসমূহ:

*পানীয় এলক'', অত্যধিক কেফেইনযুক্ত পানীয়, যেনে-চাহ, কফি ইত্যাদিয়েও মাইগ্রেইন হোৱাত

*হৰম'নযুক্ত ঔষধ, যেনে-গৰ্ভনিৰোধক ঔষধ, হৰম'ন প্রতিস্থাপন পদ্ধতি  ব্যৱহাৰ কৰা মহিলাৰো এই বিষ হোৱাৰ সম্ভাৱনা থাকে।

*খাদ্য পুৰণা চিজ্ নিমখীয়া পদার্থ, প্রক্রিয়াজাত খাদ্য ইত্যাদিৰ ফলতো মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

*টোপনিৰ বিন্যাসৰ পৰিবৰ্তন- টোপনি ক্ষতি বা অত্যধিক টোপনি, টোপনিৰ সময়ৰ পৰিৱৰ্তন ইত্যাদি কাৰকবোৰেও মাইগ্রেইন ৰোগৰ সৃষ্টি কৰে।

*শাৰীৰিক কাৰক তীব্ৰ শাৰীৰিক পৰিশ্ৰম, অত্যধিক যৌন ক্রিয়া ইত্যাদিও মাইগ্ৰেইনৰ কাৰক হিচাপে কাম কৰে।

*স্নায়ুজনিত কোনো উত্তেজনা উজ্জ্বল পোহৰ, অত্যধিক কোলাহলপূৰ্ণ বাতাৱৰণ, উগ্ৰ গোন্ধই মগজুৰ কোষক উত্তেজিত কৰি মাইগ্ৰেইনৰ সৃষ্টি কৰিব পাৰে।

 

*মানসিক চাপ - ঘৰুৱা, সামাজিক বা কর্মস্থলীত ইত্যাদি বিভিন্ন উৎসৰ লগত জড়িত কোনো মানসিক চাপো মাইগ্ৰেইনৰ এটা মুখ্য কাৰণ।

 

 এজন স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে শাৰীৰিক পৰীক্ষা আৰু স্নায়ু পৰীক্ষাৰ পিছত মাইগ্ৰেইনৰ ৰোগ নিৰ্ণয় কৰিব পাৰে। সেয়েই এনেধৰণৰ লক্ষণে দেখা দিলে তৎক্ষণাৎ স্নায়ুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

    Headache, severe headache, how to control headache, how to control migraine, neurological disorder, neurological problems,