আলঝেইমাৰ ৰোগ কি কাৰণত হ’ব পাৰে আৰু ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰসমূহ কি?
আলঝেইমাৰ হৈছে একপ্ৰকাৰৰ স্নায়ু জনিত ৰোগ। মগজুৰ অতি
সংবেদনশীল কোষবোৰ যেতিয়া ধ্বংসপ্ৰাপ্ত হ’বলৈ ধৰে তেতিয়াই মানুহ এজনে স্মৃতি শক্তি।হেৰুৱাই পেলায়। ই
মগজুৰ কোষ ধ্বংসৰ ফলত সৃষ্টি হোৱা ৰোগ।আলঝেইমাৰ ৰোগ মূলতঃ ৬৫ বছৰৰ ওপৰৰ লোক
আক্ৰান্ত হয়। ৬৫ বছৰৰ ওপৰত যিমানেই বেছি হ’ব সিমানেই আলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। কিছুমান মানুহৰ
৬৫ বছৰ বয়সৰ আগতেই – সাধাৰণতে
৪০ বা ৫০ বছৰ বয়সত এই ৰোগ হয়। ইয়াক প্ৰাৰম্ভিক আলঝেইমাৰ ৰোগ বুলি কোৱা হয়। ই
বিৰল।
আলঝেইমাৰ ৰোগ হ’ল ডিমেনচিয়াৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ। ই এক প্ৰগতিশীল ৰোগ, মৃদু স্মৃতিশক্তি হেৰুৱাৰ পৰা আৰম্ভ
কৰি সম্ভৱত যোগাযোগ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা নাইকিয়া কৰে।
আলঝেইমাৰ ৰোগে মগজুৰ চিন্তা,
স্মৃতিশক্তি আৰু ভাষা নিয়ন্ত্ৰণ কৰা অংশবোৰক প্ৰভাৱিত কৰে।
বয়স বাঢ়িলে মস্তিষ্কৰ ভিতৰৰ গঠনত কিছু পৰিৱর্তন হয়৷ একেদৰে
স্মৃতিশক্তি ধৰি ৰখা ‘হিপোকেম্পাছ’ অংশটোৰো পৰিৱর্তন হোৱা বাবে
আলঝেইমাৰ ৰোগ হয়৷ আলঝেইমাৰ
যিহেতু ডিমেচিয়াৰে এটা ৰূপ, সেয়ে
ডিমেনচিয়াৰ লক্ষণসমূহৰ সৈতে আলঝেইমাৰৰ লক্ষণসমূহৰ যথেষ্ট মিল থকা দেখা
যায়।আলঝেইমাৰ ৰোগীয়ে সদায় দেখি থকা বস্তুবোৰৰ নাম পাহৰি যায়৷ কিছু সময় আগতে কৰা
কামবোৰ আৰু কোৱা কথাবোৰ মনত নাথাকে৷
কাৰণ:
আপোনাৰ মগজুত প্ৰটিনৰ অস্বাভাৱিক জমা হোৱাৰ ফলত আলঝেইমাৰ
ৰোগ হয় বুলি জানিব পাৰি। এই প্ৰটিনবোৰ – এমাইল’ইড প্ৰ’টিন আৰু টাউ প্ৰ’টিন – জমা হোৱাৰ ফলত মগজুৰ কোষবোৰৰ মৃত্যু হয়। মানুহৰ মগজুত
১০০ বিলিয়নতকৈও অধিক স্নায়ুকোষ আৰু অন্যান্য কোষ থাকে। স্নায়ুকোষবোৰে একেলগে
কাম কৰি চিন্তা, শিক্ষণ, মনত ৰখা আৰু পৰিকল্পনা আদি কামবোৰ
সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সকলো যোগাযোগ সম্পন্ন কৰে।
বিজ্ঞানীসকলৰ মতে আপোনাৰ মগজুৰ কোষত এমাইল’ইড প্ৰ’টিন জমা হৈ প্লেক নামৰ বৃহৎ ভৰৰ
সৃষ্টি হয়। টাউ নামৰ আন এটা প্ৰ’টিনৰ
ভাঁজ কৰা ফিলামেণ্টবোৰ জটিল হৈ পৰে। ফলত স্নায়ুকোষৰ মাজত যোগাযোগ বন্ধ কৰি দিয়ে, যাৰ ফলত ইহঁতে নিজৰ প্ৰক্ৰিয়াবোৰ
সম্পন্ন কৰিব নোৱাৰে।
ইয়াৰ লক্ষণসমূহ:
*দৃষ্টি
শক্তি হ্ৰাস পোৱা।
*কথা
কোৱাত অসুবিধা পোৱা,
*ডিমেনচিয়া,