< !DOCTYPE html> ব্ৰেইন টিউমাৰ কি? ব্ৰেইন টিউমাৰৰ এই লক্ষণসমূহ আওকাণ নকৰিব! Neurocare
Monday - Saturday, 8AM to 10PM
Call us now +91 8402068720





ব্ৰেইন টিউমাৰ কি? ব্ৰেইন টিউমাৰৰ এই লক্ষণসমূহ আওকাণ নকৰিব!

বিভিন্ন কাৰণত যেনে জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত বহুতো ধৰণৰ স্বাস্থ্যজনিত সমস্যা মানৱ শৰীৰত দেখা দিছে ৷ ব্ৰেইন টিউমাৰ তাৰ ভিতৰত অন্যতম ৷ মগজুৰ ওচৰত কোষৰ অস্বাভাৱিক বৃদ্ধিক ব্ৰেইন টিউমাৰবোলা হয় ৷ বৰ্তমান সময়ত বহু লোকৰ ব্ৰেইন টিউমাৰৰ সমস্যা হয়। ব্ৰেইন টিউমাৰ মস্তিষ্কৰ কোষসমূহৰ অসামান্য বৃদ্ধিৰ কাৰণে হয়। ব্ৰেইন টিউমাৰ ১৩০ৰো অধিক প্ৰকাৰৰ হয়। টিউমাৰ আগলৈ গৈ কেঞ্চাৰৰ ৰূপো লয়। ব্ৰেইন টিউমাৰৰ লক্ষণ খুব দুৰ্লভ হয় যাক বহুতেই উপেক্ষা কৰে, কিন্তু এনে কৰা উচিত নহয়।স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, ই মগজুৰ যিকোনো অংশত আৰু বয়স নিৰ্বিশেষে হব পাৰে ৷ব্রেইন টিউমাৰ এনে এটা ৰোগ,যি সময়ত চিকিৎসা নকৰিলে ই মাৰাত্মক বুলি প্রমাণিত হ'ব পাৰে। ব্রেইন টিউমাৰৰ তীব্রতা বুজিবলৈ প্রথমে ব্রেইন টিউমাৰৰ লক্ষণসমূহ জানিব লাগিব, স্থান আৰু প্ৰকাৰ অনুসৰি টিউমাৰৰ বিভিন্ন প্ৰকাৰ আছে। যদি আপুনি প্ৰায়ে মূৰৰ বিষ হয়, মূৰ ঘূৰোৱাৰ দৰে অনুভৱ কৰে, তেন্তে এই লক্ষণবোৰক সহজভাৱে ল'ব নালাগে। সঠিক সময়ত মগজুৰ টিউমাৰৰ চিকিৎসা নকৰিলে টিউমাৰটো ফাটি যাব পাৰে। কিন্তু এই ৰোগত আক্ৰান্তসকলে কিছু লক্ষণ আগতীয়াকৈ ধৰা পেলোৱা আৰু আগতীয়া চিকিৎসা গ্ৰহণ কৰি উপকৃত হব পাৰে৷

 

বিশেষকৈ ব্ৰেইন টিউমাৰ সমস্যাৰ লক্ষণ কি কি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক

 

·         খুব ভাগৰুৱা অনুভৱ হোৱা।

·         ওকালি অহা বা বমি হোৱা ৷

·         খোজ কাঢ়িবলৈ অসুবিধা হোৱা।

·         টোপনিৰ অভাৱ ৷

·         মূৰত তীব্ৰ বিষ৷

·         মৃগী ৰোগ

·         দৃষ্টিশক্তি হেৰুওৱা ৷

·         হাত আৰু ভৰি ভাৰসাম্য ৰক্ষা কৰাৰ অসুবিধা।

·         মনোভাৱ সঘনাই সলনি হোৱা।

·         পঢ়া আৰু লিখাত অসুবিধা।

·         মুখ, হাত আৰু ভৰিত দুৰ্বলতা অনুভৱ কৰা ৷

·         দৈনন্দিন কাম কাজত বিভ্ৰান্তি।

 

ব্রেইন টিউমাৰ এটা বিপদজনক ৰোগ আৰু ইয়াৰ ৰোগীৰ বহুতো সমস্যা হ'ব পাৰে। বিশেষজ্ঞ সকলৰ মতে ৮০ শতাংশ ব্রেইন টিউমাৰৰ ক্ষতিগ্ৰস্ত লোকে কঁপনি অনুভৱ কৰে। ব্রেইন টিউমাৰত আক্রান্ত ব্যক্তিয়ে হাত- ভৰি কঁপনি অনুভৱ কৰে আৰু আন অংগসমূহত টান অনুভৱ কৰে।

 

মগজুৰ টিউমাৰৰ চিকিৎসা

মগজুৰ টিউমাৰ যদি আপুনি আগতীয়াকৈ ধৰা পেলায় তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ। ব্রেইন টিউমাৰৰ চিকিৎসা বিভিন্ন কাৰণ আৰু ইয়াৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে।যদি এইবোৰৰ কোনো এটা লক্ষণ দেখা যায়, তেন্তে তৎক্ষণাত স্নায়ু বিশেষজ্ঞৰ পৰামৰ্শ লৈ সমস্যাটো নির্ণয় কৰি অতি শীঘ্ৰেই চিকিৎসা কৰাওক।


আমাৰ বিশেষজ্ঞ স্নায়ুচাৰ্জনৰ পৰা পৰামৰ্শ ল'বলৈ আজিয়েই এপইণ্টমেণ্ট বুক কৰক | 8402068720 নম্বৰত ফোন অথবা আমালৈ বাৰ্তা প্ৰেৰণ কৰক।

    What is a brain tumor? Don't ignore these symptoms of brain tumors!