
হঠাতে হাত বা ভৰি অৱশ হৈ পৰিলে ইয়াক আওকাণ নকৰিব! ইয়াৰ ফলত হ'ব পাৰে বহু মাৰাত্মক ৰোগ
বৰ্তমান সময়ত বহুত
লোকৰ কেতিয়াবা হাত বা ভৰি অৱশ হৈ পৰা যেন অনুভৱ হয়৷ বাহু বা গাঁঠিৰ কোনো এক স্নায়ু
যদি সংকুচিত হয় বা ক্ষতিগ্ৰস্ত হয় তেতিয়া হাতখন অৱশ হোৱা যেন লাগে৷ মেৰুদণ্ডৰ তলৰ
অংশৰ স্নায়ুমূলত যন্ত্ৰণা হ’লে এনে সমস্যা হয়৷ এনে ধৰণৰ সমস্যাক বহু লোকে অৱহেলা কৰে, কিন্তু এনে সমস্যা যদি দীৰ্ঘস্থায়ী হয়, তেন্তে সেয়া গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে৷
ষ্ট্ৰ’ক:
ষ্ট্ৰ’ক বা পক্ষাঘাত হ’ল মগজুৰ ৰক্ত নলিকাবোৰত হোৱা এবিধ ৰোগ। হৃদযন্ত্ৰত তেজৰ
সৰবৰাহ পৰ্যাপ্ত নহ’লে
ষ্ট্ৰ’ক হয়৷ষ্ট্ৰ'কত আক্রান্ত হ'লে মস্তিষ্কৰ ৰক্তবাহী নলীসমূহ দুৰ্বল হোৱাৰ লগতে ফাটি যায়
। লগতে মস্তিষ্কৰ কোষসমূহ লাহে লাহে দুৰ্বল হ'বলৈ ধৰে । ষ্ট্ৰ’কৰ প্ৰাথমিক লক্ষণ হৈছে বাওঁহাত অৱশ হোৱা৷ হঠাতে
দৃষ্টিশক্তিৰ পৰিৱৰ্তন, ভাৰসাম্যতা
হেৰুওৱা, বাক্ শক্তিত সমস্যা হ’লে হাত-ভৰি আৰু মুখমণ্ডলত অৱশ ভাৱ অনুভৱ হয়৷
ডায়েবেটিছ: আজিকালি বহুতৰে ডায়েবেটিছৰ সমস্যা থাকে৷ ইয়াৰ ফলত
কেতিয়াবা ভৰিৰ পতা অৱশ হয়৷ পৰৱৰ্তী সময়ত লাহে লাহে সেই অনুভূতি ভৰিৰ পৰা দেহৰ
ওপৰলৈ উঠি আহে৷যদি আপুনি ভৰি বা ভৰিৰ আঙুলিৰ কোনো পৰিৱৰ্তন অনুভৱ কৰে (বিষ, জিনজিননি, জ্বলা-পোৰা, জঠৰতা ইত্যাদি), তেনেহ’লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক। পেৰিফেৰেল ধমনী ৰোগ আৰু ডায়েবেটিক
স্নায়ুৰোগ হৈছে ৰক্ত শৰ্কৰাৰ ফলত সচৰাচৰ দেখা যোৱা এক ৰোগ ।
পেৰিফেৰেল আৰ্টাৰী
ডিজিজ: শৰীৰৰ ধমনীত চৰ্বি জমা
হোৱাৰ লক্ষণ হ’ব পাৰে। এই অৱস্থাৰ ফলত
হৃদযন্ত্ৰ আৰু মগজুলৈ তেজৰ সোঁত কমি যাব। পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ মূল কাৰণ জানিব
পৰা হোৱা নাই ফলত ভৰিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ এনেকুৱা হ’লে ভৰি অৱশ হোৱা যেন অনুভৱ হয়৷
ছিষ্টেমিক ডিজিজঃ এইবিধ ৰোগ শৰীৰৰ যিকোনো অংগত হ’ব পাৰে৷ কিডনীৰ সমস্যা, ভাস্কুলাৰ ডিজিজ, হৰমনৰ ভাৰসাম্যহীনতা আৰু কেন্সাৰ সৃষ্টি কৰা টিউমাৰ আদি
ৰোগসমূহক ছিষ্টেমিক ডিজিজ বুলি কোৱা হয়৷ এই ৰোগত আক্ৰান্ত হ’লে প্ৰাথমিক অৱস্থাত হাত বা ভৰি অৱশ হোৱা যেন লাগে৷
স্নায়ুৰোগ বিশেষজ্ঞৰ
মতে, এইটো নিউৰ'লজীৰ ফলত হ’ব পাৰে। শৰীৰৰ যিকোনো অংশত এই ৰোগ হ’ব পাৰে। গতিকে যেতিয়া আপোনাৰ এনেধৰণৰ সমস্যা হয়, তেন্তে শীঘ্ৰেই চিকিৎসকৰ ওচৰলৈ যাওক।