< !DOCTYPE html> আলঝেইমাৰ ৰোগ কি কাৰণত হ’ব পাৰে আৰু ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰসমূহ কি? Neurocare
Monday - Saturday, 8AM to 10PM
Call us now +91 8402068720





আলঝেইমাৰ ৰোগ কি কাৰণত হ’ব পাৰে আৰু ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰসমূহ কি?

আলঝেইমাৰ হৈছে একপ্ৰকাৰৰ স্নায়ু জনিত ৰোগ। মগজুৰ অতি সংবেদনশীল কোষবোৰ যেতিয়া ধ্বংসপ্ৰাপ্ত হবলৈ ধৰে তেতিয়াই মানুহ এজনে স্মৃতি শক্তি।হেৰুৱাই পেলায়। ই মগজুৰ কোষ ধ্বংসৰ ফলত সৃষ্টি হোৱা ৰোগ।আলঝেইমাৰ ৰোগ মূলতঃ ৬৫ বছৰৰ ওপৰৰ লোক আক্ৰান্ত হয়। ৬৫ বছৰৰ ওপৰত যিমানেই বেছি হব সিমানেই আলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। কিছুমান মানুহৰ ৬৫ বছৰ বয়সৰ আগতেই সাধাৰণতে ৪০ বা ৫০ বছৰ বয়সত এই ৰোগ হয়। ইয়াক প্ৰাৰম্ভিক আলঝেইমাৰ ৰোগ বুলি কোৱা হয়। ই বিৰল।

আলঝেইমাৰ ৰোগ হল ডিমেনচিয়াৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ। ই এক প্ৰগতিশীল ৰোগ, মৃদু স্মৃতিশক্তি হেৰুৱাৰ পৰা আৰম্ভ কৰি সম্ভৱত যোগাযোগ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা নাইকিয়া কৰে। আলঝেইমাৰ ৰোগে মগজুৰ চিন্তা, স্মৃতিশক্তি আৰু ভাষা নিয়ন্ত্ৰণ কৰা অংশবোৰক প্ৰভাৱিত কৰে।

বয়স বাঢ়িলে মস্তিষ্কৰ ভিতৰৰ গঠনত কিছু পৰিৱর্তন হয়৷ একেদৰে স্মৃতিশক্তি ধৰি ৰখা হিপোকেম্পাছঅংশটোৰো পৰিৱর্তন হোৱা বাবে আলঝেইমাৰ ৰোগ হয়৷ আলঝেইমাৰ যিহেতু ডিমেচিয়াৰে এটা ৰূপ, সেয়ে ডিমেনচিয়াৰ লক্ষণসমূহৰ সৈতে আলঝেইমাৰৰ লক্ষণসমূহৰ যথেষ্ট মিল থকা দেখা যায়।আলঝেইমাৰ ৰোগীয়ে সদায় দেখি থকা বস্তুবোৰৰ নাম পাহৰি যায়৷ কিছু সময় আগতে কৰা কামবোৰ আৰু কোৱা কথাবোৰ মনত নাথাকে৷

 

কাৰণ:

আপোনাৰ মগজুত প্ৰটিনৰ অস্বাভাৱিক জমা হোৱাৰ ফলত আলঝেইমাৰ ৰোগ হয় বুলি জানিব পাৰি। এই প্ৰটিনবোৰ এমাইলইড প্ৰটিন আৰু টাউ প্ৰটিন জমা হোৱাৰ ফলত মগজুৰ কোষবোৰৰ মৃত্যু হয়। মানুহৰ মগজুত ১০০ বিলিয়নতকৈও অধিক স্নায়ুকোষ আৰু অন্যান্য কোষ থাকে। স্নায়ুকোষবোৰে একেলগে কাম কৰি চিন্তা, শিক্ষণ, মনত ৰখা আৰু পৰিকল্পনা আদি কামবোৰ সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সকলো যোগাযোগ সম্পন্ন কৰে।

বিজ্ঞানীসকলৰ মতে আপোনাৰ মগজুৰ কোষত এমাইলইড প্ৰটিন জমা হৈ প্লেক নামৰ বৃহৎ ভৰৰ সৃষ্টি হয়। টাউ নামৰ আন এটা প্ৰটিনৰ ভাঁজ কৰা ফিলামেণ্টবোৰ জটিল হৈ পৰে। ফলত স্নায়ুকোষৰ মাজত যোগাযোগ বন্ধ কৰি দিয়ে, যাৰ ফলত ইহঁতে নিজৰ প্ৰক্ৰিয়াবোৰ সম্পন্ন কৰিব নোৱাৰে।

 

ইয়াৰ লক্ষণসমূহ:

 *কথা মনত নথকা।

*দৃষ্টি শক্তি হ্ৰাস পোৱা।

 *স্বাভাৱিক কাম-কাজত অসুবিধা।

 *বস্তুবোৰ ভুল ঠাইত ৰখা।

 *সময় আৰু স্থানত বৈষম্য।

 *স্বভাৱৰ পৰিৱৰ্তন।

 *অত্যাধিক টোপনি।

 *মানুহে চিনাক্ত কৰাত অসুবিধা হোৱা, ঘৰৰ মানুহকো পাহৰি পেলোৱা।

 *কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ্থ হোৱা।

 *কোনো কাম এটা কিদৰে কৰিব, সেই বিষয়ে তাৎক্ষণিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত ললেও লগে লগে পাহৰি যায়।

 *ব্যক্তিত্ব আৰু আচৰণৰ ক্ষেত্ৰত পৰিৱবৰ্তন অহা।

*কথা কোৱাত অসুবিধা পোৱা

 এনেবোৰ লক্ষণ আলঝেইমাৰ ৰোগৰ প্ৰাথমিক লক্ষণ। চাৰিট স্তৰৰ পিছৰ স্তৰসমূহত ৰোগীৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰে।

 

*ডিমেনচিয়া,

 *হানিংটমছ ডিজিজ,

 *পাৰ্কিনচন্স ডিজিজ,

 *ফ্ৰুটজ ফেল্ট ডিজিজ ।।

 আলঝেইমাৰ ৰোগীৰ লগতে ৰোগীৰ আত্মীয়সকল সজাগ হৈ থকা প্রয়োজন৷ ৰোগীজনক যিকোনো কামত ব্যস্ত ৰাখিবলৈ যত্ন কৰিব লাগে৷ সক্রিয় হৈ থাকি পুষ্টিকৰ আহাৰ গ্রহণ কৰিলে আলঝেইমাৰ ৰোগৰ প্রভাৱ অলপ কম হ'ব পাৰি। আলঝেইমাৰ ৰোগ সম্পূর্ণ নিৰাময় কৰিব নোৱাৰি যদিও উপযুক্ত চিকিৎসা কৰালে আৰু পৰিয়ালৰ লোকে আদৰযত্ন ললে ৰোগীৰ মন আনন্দত থাকে, আত্মবিশ্বাস অটুট থাকে৷ আলঝেইমাৰ ৰোগ আৰম্ভণিতে ধৰা পৰিলে উপযুক্ত চিকিৎসা পাই থাকিলে ৰোগীজন সুস্থ হৈ থকাত সহায় হয় আৰু ৰোগীৰ অৱস্থা অধিক শোচনীয় হোৱাৰ পৰা ৰক্ষা পৰে৷ এইক্ষেত্ৰত এনে লক্ষণ দেখা পালেই শীঘ্ৰেই চিকিৎসকৰ কাষলৈ গৈ পৰামৰ্শ লওক।

    Alzheimer's disease, Neurological Disorders, Alzheimer's disease symptoms