তীব্ৰ মূৰৰ বিষ: স্নায়ুজনিত বিকাৰসমূহ হ’ব পাৰে ইয়াৰ মূল কাৰণ
সততে সন্মুখীন হোৱা কিন্তু বহুলোকে আওকাণ কৰা স্বাস্থ্যজনিত
সমস্যাসমূহৰ ভিতৰত মূৰৰ বিষ হৈছে অন্যতম। মূৰৰ বিষ বুলি ক’লে মূৰৰ গোটেই ভাগ অথবা কোনো অংশত হোৱা বিষৰ অনুভৱক বুজা
যায়। ই এক পৰিচিত ৰোগ।এই মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ কেতিয়াবা চকুৰ দৃষ্টিশক্তিৰ খেলিমেলি,পানী লগা হ’লে, চোকা ৰ’দত ঘূৰা–পকা কৰিলে।কেতিয়াবা ঔষধ
খালে এই বিষ কমি যাব পাৰে আৰু সাধাৰণতে চিকিৎসকৰ কাষ চপাৰ
প্ৰয়োজন নহয়, কিন্তু
কেতিয়াবা মূৰৰ বিষৰ তীব্ৰতাই স্নায়ুজনিত বিকাৰৰ সংকেত দিব পাৰে। এনে
ক্ষেত্ৰত স্নায়ু বিশেষজ্ঞৰ সৈতে শীঘ্ৰে পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।
মাইগ্ৰেইন
মাইগ্ৰেইন হৈছে মগজুৰ প্ৰধান সমস্যা। যদি এই সমস্যা বাঢ়িছে
তেন্তে তাৎক্ষণিক চিকিৎসকৰ কাষ চাপিব লাগে।মাইগ্ৰেইনক মগজুৰ এক গুৰুতৰ সমস্যা বুলি
গণ্য কৰা হয়। এই ৰোগত মূৰৰ আধা অংশ বিষ হয়। ঋতু পৰিবৰ্তনৰ লগে লগে এই ৰোগে দ্ৰুত
আমনি কৰে।এই মূৰৰ বিষৰ ফলত দিনত কোনো কাম কৰিবলৈ মন নাযায় আৰু ৰাতি মূৰৰ বিষৰ
বাবে টোপনিত অসুবিধা হয়।মাইগ্ৰেইনৰ প্ৰধান কাৰণ মগজুৰ স্নায়ু সম্পৰ্কীয় সমস্যা
বুলি কোৱা হয়। সাধাৰণ লক্ষণসমূহ হ’ল একপক্ষীয় (হেমিক্ৰেনিয়েল) মূৰৰ বিষ, বমি, আৰু পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা (ফ’ন’ফ’বিয়া)।
মাইগ্ৰেইন ৰোগীয়ে গুৰুতৰ
মূৰৰ বিষত ভুগিব পাৰে। মাইগ্ৰেইনত বাৰে বাৰে মূৰটো বেৰত খুন্দা মৰাৰ দৰে অনুভৱ
হয়। তীব্ৰ মাইগ্ৰেইনৰ ফলত মূৰ ঘূৰোৱা,
মূৰটো লঘু হোৱা বা অসুস্থতাৰ সৃষ্টি হয়। থিয় হ’বলৈ চেষ্টা কৰিলে বিষটো ভয়ংকৰভাৱে
বৃদ্ধি পায়, তাৰ লগত
ইমানেই প্ৰবল গভীৰ মূৰ ঘূৰোৱা হয় যে এনে লাগে যেন অজ্ঞান হৈ পৰিব।সকাহ পাবলৈ
শুবলৈ চেষ্টা কৰিলেও এনে এক অনুভূতিৰ সৃষ্টি কৰে যেন কোনোবাই বাৰে বাৰে মূৰত কোনো
বস্তুৰে মাৰি আছে। এই সময়ত কোনোবাই চকু, মুখ বা ডিঙিত বিষ অনুভৱ কৰিব পাৰে। পোহৰৰ প্ৰতি সংবেদনশীলতা, বিকৃত দৃষ্টিশক্তি বা পোহৰৰ জিলিকনিও অনুভৱ
কৰে। তেওঁলোকৰ গেষ্ট্ৰিকৰ লক্ষণ যেনে বমি হ’ব পাৰে;
শব্দৰ প্ৰতি সংবেদনশীলতাৰ দৰে সংবেদনশীল বিকাৰ; আৰু অন্যান্য সাধাৰণ লক্ষণ যেনে খিংখিঙীয়া, নাক বন্ধ হোৱা আদি দেখা পোৱা
যায়।
ব্ৰেইন টিউমাৰ
‘ব্ৰেইন টিউমাৰ’ অথবা মগজু বা মস্তিস্কৰ টিউমাৰ। যেতিয়াই মস্তিস্কৰ টিউমাৰ
বিকশিত হয়, শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ আৰম্ভ কৰে। যদি আপুনি
সময়মতে এই লক্ষণবোৰৰ প্ৰতি মনোযোগ নিদিয়ে, তেন্তে আপোনাৰ জীৱনৰ প্ৰতি ই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে।মগজুৰ
টিউমাৰৰ ফলত হোৱা মূৰৰ বিষ সাধাৰণতে কাহ হ’লে বেছি বেয়া হয়। যদি মগজুৰ টিউমাৰ মূৰৰ পিছফালে থাকে
তেন্তে ইয়াৰ ফলত ডিঙিৰ বিষৰ লগতে মূৰৰ বিষ হ’ব পাৰে।এই মূৰৰ বিষ প্ৰায়ে টেনচনত হোৱা মূৰৰ
বিষৰ দৰেই নিস্তেজ আৰু চাপযুক্ত হ’ব পাৰে, কাহ বা হাঁচিৰ ফলত ই আৰু
বেছি বেয়া হ’ব পাৰে।
কিছুমান ব্যক্তিয়ে মূৰৰ বিষক মাইগ্ৰেইনৰ দৰেই বুলি বৰ্ণনা কৰে যদিও টিউমাৰৰ
চাৰিওফালে অস্বস্তিৰ পৰিৱৰ্তে মূৰৰ বিষৰ ভিতৰত বৃদ্ধি পোৱা চাপটোৱেই বিষৰ কাৰণ।ব্রেইন
টিউমাৰ এনেকুৱা এটা ৰোগ, সময়মতে
চিকিৎসা নকৰিলে ই মাৰাত্মক হ'ব পাৰে।
ব্রেইন টিউমাৰৰ তীব্রতা বুজিবলৈ প্রথমে ব্রেইন টিউমাৰৰ লক্ষণসমূহ জানিব লাগিব, স্থান আৰু প্ৰকাৰ অনুসৰি টিউমাৰৰ
বিভিন্ন প্ৰকাৰ আছে। ওকালি অহা বা বমি
হোৱা,খুব ভাগৰুৱা অনুভৱ হোৱা,টোপনিৰ অভাৱ,খোজ
কাঢ়িবলৈ অসুবিধা হোৱা, মূৰত বিষ,দৃষ্টিশক্তি
হেৰুওৱা,হাত আৰু ভৰিৰ সংবেদন,মনোভাৱ সঘনাই সলনি হোৱা,পঢ়া আৰু লিখাত অসুবিধা,মুখ, হাত আৰু ভৰিত দুৰ্বলতা অনুভৱ
কৰা।যদি আপুনি আপোনাৰ শৰীৰত এনে কোনো লক্ষণে দেখা দিয়ে, তেন্তে খুব সোনকালেই বিশেষজ্ঞৰ
পৰামৰ্শ ল’ব।
আঘাতৰ পিছৰ মূৰৰ বিষ
মূৰত প্ৰত্যক্ষ আৰু বলপূৰ্বক প্ৰভাৱ পৰিলে সাধাৰণতে আঘাতৰ
পিছৰ মূৰৰ বিষ হয়, যাৰ ফলত
মগজুত আঘাত হানে। যদি আপুনি মূৰত আঘাত পায়, তেন্তে আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে, যিয়ে সম্ভাৱ্য পিটিএইচৰ ইংগিত
দিয়ে, যাৰ
বাবে আন ধৰণৰ মূৰৰ বিষতকৈ বেলেগ চিকিৎসাৰ প্ৰয়োজন হয়। পিটিএইচৰ লক্ষণসমূহ হ’ল পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা, বমি, মূৰ ঘূৰোৱা,
অনিদ্ৰা, একাগ্ৰতা
কম হোৱা, ভাগৰ, আৰু ব্যক্তিত্বৰ পৰিৱৰ্তন যেনে
হতাশা ইত্যাদি। প্ৰতিজন ব্যক্তিৰ মগজুৰ আঘাতৰ অভিজ্ঞতা বেলেগ বেলেগ, আৰু প্ৰতিটো স্নায়ুৰ অন্ত আৰু
মগজুৰ কোষে বিভিন্ন ধৰণৰ পাৰস্পৰিক সম্পৰ্কীয় কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ
প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, সেয়া
মগজুৰ আভ্যন্তৰীণ হওক বা বাহ্যিক হওক।
মেনিনজাইটিছৰ সংক্ৰমণ
মেনিনজাইটিছ হৈছে এক প্ৰকাৰৰ সংক্ৰামক ৰোগ ৷ ই মস্তিস্ক আৰু মেৰুদণ্ডক আগুৰি থকা পাতল আৱৰণৰ গুৰুতৰ সংক্ৰমণ। মেনিনজাইটিছৰ এক বেক্টেৰিয়াৰ প্ৰকাৰ ৷ ই এবিধ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয় ৷ এই ৰোগৰ কিছুমান লক্ষণ কৰনাৰ সৈতে মিল আছে ৷ কিছুমান লোকৰ মাজত এই ভাইৰাছ ইতিমধ্যে থাকে আৰু বেক্টেৰিয়াৰ বাবে অসুস্থ নহয় ৷ কিন্তু ইহঁতে আনৰ বাবে ভাবুকি কঢ়িয়াই আনে আৰু এই সংক্ৰমণ আনলৈ বিয়পিব পাৰে ৷ই আৰু বায়ুত থকা শ্বাস-প্ৰশ্বাস, যেনে কাহ বা হাঁচিৰ দ্বাৰা এই ৰোগ বিয়পিব পাৰে। জ্বৰ,মূৰৰ বিষ,ডিঙি জঠৰ,পোহৰৰ প্ৰতি সংবেদনশীলতা,পেট বিচলিত হোৱা,বমি,খিংখিঙীয়া ভাৱ,ভোক কমি যোৱা,মগজু আৰু মেৰুদণ্ড ঢাকি ৰখা আৱৰণখন ফুলা আদি সমস্যাই দেখা দিয়ে।বেক্টেৰিয়াজনিত মেনিনজাইটিছ ৰোগীৰ ডিঙি আৰু মুখৰ চাৰিওফালে পেটেচিয়া (ক্ষুদ্ৰ ৰক্তক্ষৰণৰ দাগ)ৰ দৰে অতিৰিক্ত চিন দেখা দিব পাৰে। ভাইৰাছ আৰু বেক্টেৰিয়াৰ মেনিনজাইটিছ উভয়তে একেধৰণৰ লক্ষণ দেখা যায়।ভেকচিনে কিছুমান মেনিনজাইটিছৰ প্ৰজাতিৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
পুনৰাই হোৱা মূৰৰ বিষ
মূৰৰ বিষ হ’লে আমাৰ বেছিভাগেই ফাৰ্মাচীলৈ যাওঁ আৰু বিক্ৰী হোৱা
এচিটামিনোফেন, এছপিৰিন, আইবুপ্ৰ’ফেন বা কেফেইনযুক্ত বিষ নিৰাময়কাৰী ঔষধ খাওঁ। কিন্তু
যেতিয়া আপুনি বটলত দিয়া নিৰ্দেশনা বা চিকিৎসকৰ পৰা দিয়া নিৰ্দেশনা পালন নকৰে
তেতিয়া এই ঔষধবোৰে আপোনাক পুনৰ মূৰৰ বিষ দিব পাৰে।ঔষধৰ অতিমাত্ৰা
ব্যৱহাৰে বিশেষকৈ মাইগ্ৰেইন আৰু টেনচনত হোৱা মূৰৰ
বিষৰ বাবে খোৱা ঔষধৰ ফলত মগজুৰ সঁহাৰি সলনি কৰিব পাৰে। পুনৰাই
হোৱা মূৰৰ বিষৰ তীব্ৰতা ভিন্ন হয়,সাধাৰণতে
দুৰ্বলতা, বমি, খিংখিঙীয়া, অস্থিৰতা, উদ্বেগ, হতাশা, টোপনিৰ অস্বাভাৱিকতা, স্মৃতিশক্তিৰ অসুবিধা, ভাগৰ আদিৰ অনুভৱ হয়।
নিয়মিতভাৱে স্নায়ু বিশেষজ্ঞ বা
পৰিয়ালৰ চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰক, কিয়নো বেছিভাগ মূৰৰ বিষ সৰু সৰু অৱস্থাৰ সৈতে জড়িত হ’ব পাৰে। প্ৰথম অৱস্থাত সামান্য বিষ
বুলি ভাবিলেও শেষত ভয়াৱহ পৰিণতিৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ওপৰত
উল্লেখ কৰা কোনো লক্ষণ অনুভৱ
কৰে তেন্তে যিমান পাৰে অতি শীঘ্ৰেই নিজকে পৰীক্ষা কৰক আৰু আপোনাৰ
ওচৰৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে এপইণ্টমেণ্ট বুকিং কৰক।